মিছন বানমুক্ত গুৱাহাটী

মন্ত্ৰী কৌশিক ৰায়ৰ বান প্ৰতিৰোধী ব্যৱস্থাৰ পৰ্যালোচনা

বিভাগ আৰু সংস্থাসমূহক নিৰ্দিষ্ট এলেকাৰ দায়িত্ব অৰ্পণ

দিছপুৰ, ২২ আগষ্ট: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মিছন বানমুক্ত গুৱাহাটীৰ এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। গুৱাহাটীৰ নগৰীয়া বান আৰু জলাবদ্ধতা সমস্যাৰ মোকাবিলা কৰাৰ বাবে এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়।

বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, লোকনিৰ্মাণ (পথ) বিভাগ, জলসম্পদ বিভাগ, গুৱাহাটী জল ব’ৰ্ড, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, অইল ইণ্ডিয়া লিমিটেড, উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনকে ধৰি সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

বৈঠকত, চিনাক্ত কৰা এলেকাসমূহত বান আৰু জলাবদ্ধতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সমন্বিত প্ৰচেষ্টাৰে সময়মতে ফলপ্ৰসূভাৱে পদক্ষেপ ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দিষ্ট এলেকাৰ দায়িত্ব অৰ্পণ কৰা হয়।

বৈঠকত দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ, নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

সমন্বিত প্ৰচেষ্টাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী ৰায়ে সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক ঘনিষ্ঠ সমন্বয়ৰে কাম কৰাৰ লগতে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু নিয়মীয়া নিৰীক্ষণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তক ১০ দিনৰ পিছত সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাৰ সৈতে আন এখন বৈঠক আহ্বান কৰি বান প্ৰতিৰোধৰ ক্ষেত্ৰত নিজ নিজ এলেকাত গ্ৰহণ কৰা আৰু গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ ওপৰত প্ৰস্তুত কৰিবলগীয়া প্ৰতিবেদনসমূহ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে বিভিন্ন বিভাগ আৰু সংস্থাই দাখিল কৰা প্ৰতিবেদনসমূহ একগোট কৰি এখন সংহত প্ৰতিবেদন হিচাপে সংকলন কৰি গুৱাহাটীৰ বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সামগ্ৰিক ব্যৱস্থাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

শ্ৰীৰায়ে পুনৰ কয় যে নিৰন্তৰ সমন্বয়, সঠিক পৰিকল্পনা, সময়মতে কাম সম্পাদন আৰু সকলো অংশীদাৰৰ নিয়মীয়া নিৰীক্ষণৰ জৰিয়তেহে ‘মিছন বানমুক্ত গুৱাহাটী’ৰ লক্ষ্যত উপনীত হোৱাৰ লগতে গুৱাহাটীবাসীক নগৰীয়া বান আৰু জলাবদ্ধতাৰ সমস্যাৰ পৰা স্থায়ী সকাহ প্ৰদান কৰাটো সম্ভৱ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *