


২৮ জুলাই ২০২৬, আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়৷ মহানগৰৰ ধীৰেণপাৰা এফ আৰ ইউত আজি এই দিৱসৰ শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই৷ হেপাটাইটিছ হৈছে যকৃতৰ প্ৰদাহ৷ হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত থাকিবলৈ ইয়াৰ পৰীক্ষা কৰাৰ লগতে ভেকচিন গ্ৰহণ কৰিবলৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে সকলোকে আহ্বান জনায়৷ লগতে নৱজাতকৰ জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি ভেকচিনৰ পালি প্ৰদান কৰিবৰ বাবে স্বাস্থ্য কৰ্মী সকলক তেওঁ আহ্বান জনায়৷ ২৮ জুলাইৰ পৰা ৩ আগষ্টলৈ চলিব লগীয়া সপ্তাহযোৰা এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ হেপাটাইটিছ বি পৰীক্ষা কৰা হ’ব৷ তদুপৰি জিলাখনৰ নিচাসক্ত ব্যক্তি, ট্ৰান্সজেণ্ডাৰ আদিকে ধৰি অসুৰক্ষিত শ্ৰেণীৰ হেপাটাইটিছ বি পৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব৷ শুভাৰম্ভণি অনুষ্ঠানত মহানগৰৰ জিলা নিৰীক্ষণ বিষয়া- আই ডি এছ পি তথা জিলা হেপাটাইটিছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সমল বিষয়া ডাঃ কণক চন্দ্ৰ তালুকদাৰ, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভৱেন্দ্ৰ কুমাৰ দাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ব্লাড বেংকৰ চিকিৎসা বিষয়া ডাঃ অংকিত জৈন, ধীৰেণপাৰা মণ্ডলৰ খণ্ড চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পল্লৱী বৰুৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা তথা খণ্ড ভিত্তিক বিষয়াসকলকে ধৰি চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

