বঙাইগাঁৱৰ মানৱদৰদী চিকিৎসক ডাঃ ৰুবুল আহমেদৰ বিৰুদ্ধে পত্নীৰ বিস্ফোৰক অভিযোগ

ডাইভোৰ্চ নোহোৱাকৈয়ে দ্বিতীয় বিবাহৰ ডাঙৰ প্ৰৱঞ্চনা

অসহায় পত্নী ছুমনা য়াছমিনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী সহায় প্ৰাৰ্থনা

মাণিকপুৰৰ পৰা আব্দুল ছোবাহান আলীৰ ৰিপৰ্ট : সামাজিক মাধ্যমৰ এটা প’ষ্টে এতিয়া লণ্ডভণ্ড কৰি পেলাইছে বঙাইগাঁৱৰ তথাকথিত ‘মানৱদৰদী’ চিকিৎসক ডাঃ ৰুবুল আহমেদৰ ভুৱা মুখা! সমাজৰ চকুত এজন সফল আৰু দয়ালু ডাক্তৰ হিচাপে নিজকে চিনাকি দিয়া ৰুবুল আহমেদৰ আচল চৰিত্ৰ উদঙাই এইবাৰ কেমেৰাৰ সন্মুখত ক্ষোভ আৰু চকুপানীৰে সৰৱ হৈ পৰিছে তেওঁৰেই অসহায় প্ৰথম পত্নী ছুমনা য়াছমিন। প্ৰথম পত্নীক অন্ধকাৰত ৰাখি, আইনগতভাৱে কোনো ধৰণৰ ডাইভোৰ্চ নোলোৱাকৈয়ে গোপনভাৱে দ্বিতীয় বিবাহ পাছ কৰাৰ এক ভয়ংকৰ প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে চিকিৎসকজনৰ বিৰুদ্ধে। স্বামীৰ এই চৰম প্ৰৱঞ্চনা আৰু মানসিক নিৰ্যাতনৰ বিষয়ে ছুমনা য়াছমিনে সামাজিক মাধ্যমৰ জৰিয়তে ধাৰাবাহিকভাৱে কথা ৰাজহুৱা কৰাৰ লগতে নিজৰ ন্যায়ৰ বাবে মুখ্য়মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ আৰু সহায় প্ৰাৰ্থনা কৰিছে— যাৰ পিছতেই এতিয়া সমগ্ৰ বঙাইগাঁও চহৰজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু উত্তপ্ত পৰিস্থিতিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *