*দেশভক্ত তৰুণৰাম ফুকনদেৱৰ অৱদানক সশ্ৰদ্ধ স্মৰণেৰে পৱিত্ৰ মৃত্যু তিথি উপলক্ষে দৰং জিলা প্ৰশাসনৰ দেশভক্তি দিৱস উদযাপন*

ষ্টাফ ৰিপৰ্টাৰ, খাৰুপেটীয়া  ২৮ জুলাই:

দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ, দৰঙৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী, দেশপ্ৰেমিক, সমাজসংস্কাৰক তথা জননেতা দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পৱিত্ৰ মৃত্যু তিথি উপলক্ষে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশভক্তি দিৱস উদযাপন কৰা হয়।

জিলা আয়ুক্ত আয়ুষী জৈনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ চিকিৎসক তথা সমাজসেৱক ড° অমৰেন্দ্ৰ নাৰায়ণ দেৱ, জ্যেষ্ঠ সাংবাদিক তথা সমাজসেৱক ভাৰ্গৱ দাস, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰা আৰু মঙলদৈ ইউথ ক্লাবৰ সভাপতি গিৰীশ ডেকা উপস্থিত থাকে। ইয়াৰ উপৰিও জিলা প্ৰশাসনৰ জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ কৰ্মচাৰী, বিশিষ্ট ব্যক্তি তথা সমাজৰ বিভিন্ন স্তৰৰ বহু লোক অনুষ্ঠানটোত উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ইয়াৰ পাছতেই জিলা আয়ুক্ত, আমন্ত্ৰিত অতিথিসকল আৰু উপস্থিত বিষয়ববীয়াসকলে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণৰ জৰিয়তে মহান দেশপ্ৰেমিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানৰ প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত আয়ুষী জৈনে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ দেশপ্ৰেম, ত্যাগ, সুদূৰপ্ৰসাৰী নেতৃত্ব আৰু জাতি গঠনত আগবঢ়োৱা অনন্য অৱদানৰ বিষয়ে আলোকপাত কৰি তেখেতৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰি সমাজ আৰু দেশৰ প্ৰতি দায়িত্বশীল নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়।

ইয়াৰ পিছত বিশিষ্ট সাহিত্যিক তথা সমাজসেৱক ড° অমৰেন্দ্ৰ নাৰায়ণ দেৱে প্ৰদান কৰা তেখেতৰ তাৎপৰ্য্যপূৰ্ণ চমু  ভাষণত সকলোকে সময় সাপেক্ষে সমাজ হিতৈষী আৰু কেতিয়াবা সমাজ বিৰোধী হিচাবে নিজকে প্ৰতিফলিত কৰা দুমুখীয়া স্থিতি ত্যাগ কৰি আমি প্ৰকৃততে সমাজৰ বাবে কি কৰিব পাৰিছো বুলি নিজক প্ৰশ্ন কৰাৰ সময় আহি গৈছে বুলি মন্তব্য কৰে। জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ দাসে  তেখেতৰ তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰি দেশভক্ত তৰুণৰাম ফুকন দেৱৰ জীৱনৰ বহু নতুন কথাৰে অনুষ্ঠানৰ ফলপ্ৰসুতা বৃদ্ধি কৰে। মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰাই দেশভক্ত তৰুণৰাম ফুকনদেৱৰ জীৱনাদৰ্শ, দেশপ্ৰেম আৰু বৰ্তমান সময়ত তেখেতৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত বিশদভাৱে আলোকপাত কৰি এনে অনুষ্ঠান তৃণমূল পৰ্যায়লৈ সম্প্ৰসাৰিত কৰি ব্যাপক জনসচেতনতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰতিজন নাগৰিকক সমাজকল্যাণ আৰু ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অতিথি হিচাবে উপস্থিত ইয়ুথ ক্লাৱ, মঙ্গলদৈৰ সভাপতি শ্ৰী গিৰিশ ডেকাইও তৰুণৰাম ফুকনদেৱৰ শিক্ষা ও সংগ্ৰামী জীৱন আৰু অৱদানৰ ওপৰত বক্তব্য ৰাখে।

আজিৰ অনুষ্ঠানত সমবেত সংগীতৰ লগতে একক সংগীতৰ কাৰ্যসূচীও সন্নিবিষ্ট কৰা হৈছিল আৰু ই অনুষ্ঠানটোক অধিক সজীৱ আৰু মনোগ্ৰাহী কৰি তোলে।

আজিৰ অনুষ্ঠানৰ আঁত ধৰোঁতা প্ৰাঞ্জল শৰ্মাৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ অন্তত অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *