


আমিন ময়নুল হক: ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন বৈপ্লৱিক যুগৰ সুচনা কৰি লগতে শৈক্ষিক উত্তোৰণৰ এক পৰিৱৰ্তনশীল যাত্ৰাত আদৰ্শৰ প্ৰতীক হিচাবে থিয় হৈ দৰিদ্ৰ- নিচলা- নিঃকিন আৰু হতাশা- নিৰাশাত আছন্ন অলেখজনৰ মুখলৈ হাঁহি আৰু আনন্দৰ চকুঁলো কঢ়িয়াই অনাৰ সংকল্পৰে ২০১৬ চনত মধ্য অসমৰ হোজাইত প্ৰজ্বলিত হোৱা ‘আজমল ফাউণ্ডেচন’ৰ দ্বাৰা পৰিচালিত ‘আজমল চুপাৰ- ৪০’ নামৰ শিক্ষা প্ৰতিষ্ঠনৰ ইৰ্ষনীয় শৈক্ষিক জয়যাত্ৰা অব্যাহত ৷ সঠিক মানৱ সম্পদ গঢ়াৰ কমাৰশালখনৰ জীৱন আলোকিত কৰিব পৰাৰ এই শৈক্ষিক আলোকৰ যাত্ৰাত অসমৰ সমাজ জীৱনত এক অবিচ্ছেদ্য অনুষ্ঠান হিচাবে প্ৰতিষ্ঠিত হোৱা এসময়ৰ সাংসদ তথা বৰ্তমান অসমৰ বিনাকান্দি সমষ্টিৰ বিধায়ক মানৱ দৰদী মৌলানা বদৰুদ্দিন আজলমে খনিকৰৰ ৰূপত অৱত্তীৰ্ণ হৈ পিচপৰা অঞ্চলৰ দৰিদ্ৰ লোকৰ সপোন বাস্তৱায়িত কৰি তোলাৰ একমাত্ৰ এই কমাৰশালখনে আজি সমগ্ৰ উত্তৰ-পূৰ্বাচলতেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে জিলকি উঠিছে ৷ অসমৰ ভিতৰুৱা তথা পিচপৰা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী সন্তানক সম্পূৰ্ণ বিনামুলীয়াকৈ অধ্যয়নৰ সুযোগ দি তেওঁলোকৰ জীৱন আলোকিত কৰিব পৰাকৈ এক শৈশিক আন্দোলন আৰম্ভ কৰা আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী ভাতৃ প্ৰাক্তন সাংসদ মৌলানা চিৰাজুদ্দিন আজলৰ আপ্ৰাণ প্ৰচেষ্টাত গঠিত আজমল পৰিয়ালৰ সপোন বিজড়িত ‘আজমল চুপাৰ- ৪০’ৰ শৈক্ষিক যাত্ৰাই আজি উত্তৰ-পূ্ৰ্বাচ্লৰ ভিতৰতে শীৰ্ষত অৱত্তীৰ্ণ হৈছে ৷ ‘আজমল ফাউণ্ডেচন’ৰ দ্বাৰা পৰিচালিত ‘আজমল চুপাৰ- ৪০’ নামৰ মানৱ সম্পদ গঢ়াৰ কমাৰশালখনৰ জৰিয়তে কাহানিও কোনেও কল্পনা কৰিব নোৱাৰাকৈয়ে অনেক অখ্যাত- দৰিদ্ৰ পৰিয়ালত সৃষ্টি হৈছে শ- শ চিকিৎসক ইঞ্জিনিয়াৰৰ ৷ গুণগত শৈক্ষিক প্ৰতিষ্ঠানটোৰ সফলতাভৰা যাত্ৰাৰ দশম বৰ্ষত সৃষ্টি কৰিছে এক অনন্য অভিলেখৰ ৷ এইবেলিৰ ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় মেডিকেলৰ নীট পৰীক্ষাত অভূতপূৰ্ব সাফল্যৰে আজমল চুপাৰ ৪০ পৰা ৭৫০ গৰাকীৰো অধিক ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈ এক ইতিহাস সৃষ্টিৰে লাভ কৰিছে চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে উত্তীৰ্ণৰ শীৰ্ষত অৱত্তীৰ্ণ হোৱা শৈক্ষিক প্ৰতিষ্ঠানটোৰ এই বিৰল গৌৰৱৰ অধিকাৰী হোৱা কীৰ্তিমান ছাত্ৰ- ছাত্ৰীসকলোক যোৱা ১৮ জুলাইত হোজাইৰ বৰপুখুৰীস্থিত ‘নাজিৰ আজমল মেম’ৰিয়েল কলেজ অৱ এডুকেচন’ চৌহদত আয়োজিত এক গাম্বীৰ্যপূৰণ অনুষ্ঠানৰ জৰিয়তে উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ লগতে আজমল ফাউণ্ডেচনৰ বিষয়ববীয়া, পৰিচালন মণ্ডলী, শিক্ষক – শিক্ষয়িত্ৰী, অভিভাৱসকলে কেক কাটি এই সফলতা উদযাপন কৰে ৷ উল্লেখ্য, আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত ‘আজমল চুপাৰ- ৪০’ নামৰ মানৱ সম্পদ গঢ়াৰ কমাৰশালৰ গৌৰৱজ্জল যাত্ৰাৰ উক্ত সম্বর্ধনা অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ কণিষ্ঠ পুত্র ওলিউল্লা আজমলে মুখ্য অতিথি হিচাবে উপস্থিত থাকি এইবেলি আজমল চুপাৰ – ৪০ৰ পৰা সৰ্বভাৰতীয় পৰ্য়ায়ৰ চিকিৎসা মহাবিদ্যায়ত অধ্যয়নৰ সুযোগ লাভৰ কৃতিত্ব অৰ্জন কৰা ৫০ গৰাকী কীৰ্তিমানকে ধৰি নীট পৰীক্ষাত সফলতাৰে উত্তীণ প্রায় ৭৫০গৰাকী ছাত্র-ছাত্রীক অসমীয়াৰ স্বভিমান ফুলাম গামোচা, ফুলৰ মালা আৰু জাপিৰে উষ্ম সম্বর্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা অনুষ্ঠানটো মধ্যমনি হিচাবে ওলিউল্লা আজমলে আজমল চুপাৰ ৪০ ৰ এই দশমবৰ্ষৰ সফলতাৰ যাত্ৰাত অংশীদাৰ হ’বলৈ পোৱা আজমল পৰিয়ালৰ সকলোয়ে অতি সুখী বুলি উল্লেখ কৰি আগন্তক বৰ্ষত আজমল চুপাৰ ৪০ৰ পৰা নীট উত্তীৰ্ণ সংখ্যা এক হাজাৰ পাৰ হোৱাৰ আশা প্ৰকাশ কৰে ৷ আজমল পৰিয়ালৰ তৃতীয় বংশধৰ ওলিউল্লাই নীট উত্তীৰ্ণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰা আজমল চুপাৰ ৪০ৰ আগন্তক দিনৰ লক্ষ্য সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত স্থান দখল কৰাৰ কখাও উল্লেখ কৰে ৷ ইমানদাৰি আৰু হালাল উপাৰ্জনৰ পৰা সফলতা আহে বুলি দোহাৰি তেওঁ আৰু কয়- আগন্তক দিনত আমাৰ লক্ষ্য আজমল ফাউণ্ডেচনৰ পৰা আই এ এচ সৃষ্টি কৰা ৷ ইয়াৰ লগতে ওলিউল্লাহ আজমলে মাক- দেউতাকক সন্মান কৰাৰ ক্ষেত্ৰত কোনো ছাত্ৰ- ছাত্ৰীয়ে যাতে কোনো কৃপনালি নকৰে লগতে সকলোৱে যাতে ইমানৰ সৈতে পৰিচালিত হয় তাৰে বাবে ছাত্ৰ- ছাত্ৰীৰ পৰা প্ৰতিশ্ৰুতিও আদায় কৰে ৷ অনুষ্ঠানটোত আজমল ফাউণ্ডেচনৰ পৰিচালন সঞ্চালক ড° খচৰুল ইছলামে – সকলো জাতি- ধৰ্ম- বৰ্ণৰ উৰ্ধত থাকি সকলো শ্ৰেনীৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক থকা- খোৱাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ বিনামূলীয়া শিক্ষাদানৰ বৈষম্যহীন এক নীৰৱ আন্দোলনৰ মাজেৰে সমাজসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি আজমল ফাউণ্ডেচনে কৰি অহা প্ৰয়াসে আজি সফলতাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে বুলি নিজৰ বক্তব্যত উল্লেখ কৰে ৷ দৰিদ্ৰ মেধাৱী ছাত্ৰ- ছাত্ৰীৰ সপোন পুৰণৰ এই যাত্ৰাৰ অন্যতম কাণ্ডাৰীৰ ৰূপত অৱত্তীৰ্ণ হৈ অহা আজমল চুপাৰ ৪০ৰ ৫৬৪ গৰাকী শিক্ষাৰ্থীয়ে যোৱা ২০২৫ বৰ্ষৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তৰ-পূৰ্বঞ্চালৰ ভিতৰত সৰ্বোচ্চ স্থান দখল কৰি দেশৰ বিভিন্ন স্থানৰ উন্নত চিকিৎসা মহাবিদ্যালয়ৰ লগতে অসমৰ ভিন্ন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিছিল বুলিও ড° খচৰুল ইচলামে উল্লেখ কৰে ৷ প্ৰশ্নকাকত ফাদিলৰ বাবে এইবেলি পুণৰাই নীট পৰীক্ষাত বহিবলগীয়া হোৱাত আজমল চুপাৰ ৪০ৰ পৰীক্ষাৰ্থী সকলোক পুণৰাই মাতি আনি তেওঁলোকৰ ওপৰত কৰা এমাহজোৰা কঠোৰ শ্ৰমৰ বিনিময়তে এই ঐতিহাসিক সফলতা আহোৰণ কৰিহলৈ সক্ষম হোৱা বুলি ড° আলমে প্ৰকাশ কৰে ৷ লক্ষণীয়, আজমল চুপাৰ ৪০ত এক বিশেষ সম্প্ৰদায়ক অগ্ৰাধিকাৰ দি অহা বুলি সততে এচাম লোকে কৰি অহা সমালোচনাৰ বিপৰীতে এইবেলিও সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়নৰ সুযোগ লাভ কৰি গোলাঘাটৰ অভিৰোহণ প্ৰিয়মে ৭২০ নম্বৰৰ ভিতৰত সৰ্বোচ্চ ৬৬০ নম্বৰ লাভেৰে শীৰ্ষস্থান দখল কৰে ৷ এনে এক গৌৰৱজ্জোল মূহুৰ্তত এইবেলিৰ শীৰ্ষস্থানৰ অধিকাৰী অভিৰোহণ প্ৰিয়মক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি অভিৰোহণ প্ৰিয়মে নিজৰ সাধনা- কষ্ট আৰু ত্যাগৰ বিনিময়মত লাভ কৰা প্ৰাপ্তিক লৈ বাৰুকৈয়ে উৎফুল্লিত বুলি নিজৰ অনুভৱ ব্যক্ত কৰি এই কৃতিত্বৰ অধিকাৰী নিজৰ পিতৃ-মাত়ৰ লগতে তেওঁক সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়ন, থকা-মেলা, খোৱা-লোৱাৰ সুবিধা প্ৰদান কৰা আজমল পৰিয়ালক প্ৰদান কৰে ৷ ইয়াৰোপৰি আজমল ফাউণ্ডেচনৰ পৰিচালন গোট, শৈক্ষিক গোট,শিক্ষকগোট, ৱাৰ্ডেন গোট আৰু ৰন্ধনকৰ্মীৰ পৰা আৰম্ভ কৰি তেওঁৰ যতন লোৱা সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অভিৰোহণ প্ৰিয়মে ৷ আনহাতে, আজমল চুপাৰ ৪০ৰ পৰা আৰ্থিক সাহাৰ্য লৈ এইবেলিৰ নীট পৰীক্ষাত অৱত্তীৰ্ণ হোৱা ছাত্ৰী পৰীক্ষাৰ্থী সকলোৰ মাজৰ পৰা কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ মালিবাৰী অঞ্চলৰ অতিকে ভিতৰুৱা দৰিদ্ৰ পৰিয়ালৰ কন্যা হামিদা আহমেদে ৭২০ৰ ভিতৰত ৬৫৩ নম্বৰ লাভ কৰি সৰ্বোচ্চ নম্বৰপ্ৰাপ্তিৰ গৌৰৱ অৰ্জন কৰিছে ৷ মৌলবীৰ কন্যা হামিদা আহমেদকো আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা বিশেষ উষ্ম আদৰণি জনোৱা হয় ৷ মন কৰিবলগীয়া, এইবেলিৰ নীটত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হোৱা আজমল চুপাৰ ৪০ৰ পৰা ৩১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে ৬০০ত কৈ অধিক নম্বৰ লাভ কৰি এই শিক্ষানুষ্ঠানটোৰ বাবে এক নতুন ইতিহাস সৃষ্টি কৰিছে ৷ অনুষ্ঠানটোত আজমল ফাউণ্ডেচনৰ কৰ্তৃপক্ষৰ লগতে প্ৰকল্প প্ৰধান আব্দুল কাদিৰৰ লগতে অনুষ্ঠানটোৰ সৈতে জড়িত বিভিন্ন পৰ্যায়ৰ বিশিষ্ঠ ব্যক্তিসকল, ইয়াৰ শিক্ষক- শিক্ষয়িত্ৰী, কীৰ্তিমান ছাত্ৰ- ছাত্ৰীৰ অভিভাৱকসকল আৰু ইয়াৰ ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে । উল্লেখ্য, আজমল চুপাৰ ৪০ৰ এই গৌৰৱজ্জোল মূহুৰ্ত উদযাপনৰ প্ৰাকমূহুৰ্তত আজমল ফাউণ্ডেচনৰ পৰিচালন গোটে ইয়াৰ কীৰ্তিমান ছাত্ৰ- ছাত্ৰীক লৈ এক বিজয় সমদল যাত্ৰাও উলিয়ায় ৷ ইফালে, দিন হাজিৰা কৰি খোৱা লোকৰ সন্তানৰ পৰা আৰম্ভ কৰি কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী,মাছ বেপাৰী, পাচলি বেপাৰী,ৰিক্সা চালক আৰু মধ্যবিত্ত পৰিয়ালৰ অনেক সন্তানে আজমল পৰিয়ালৰ আৰ্থিক সাহাৰ্য আৰু বিনামূলীয়া অধ্যয়নৰ সুযোগ লৈ জীৱনৰ সৰ্বতোকৃষ্ট সফলতা লাভ কৰি একো একোজন চিকিৎসক হোৱা সপোন পূৰণৰ অধিকাৰী হ’বলৈ সক্ষম হোৱাত ৰাজ্যৰ চৌদিশে আজমল চুপাৰ – ৪০ৰ জয়জয়কাৰ আৰু সকলোতে এক উছাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে ৷

