News

মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক

দিছপুৰ, ২১ আগষ্ট ২০২৬ : দক্ষতা, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰ, জনতা ভৱনৰ ‘আই’ ব্লকত ‘SEED’ (দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ)ৰ এখন ৰাজ্যিক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। এই বৈঠকত ৰাজ্যখনৰ বিভিন্ন জিলাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) সমূহৰ জ্যেষ্ঠ অধ্যক্ষ, অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-নিয়োগ সঞ্চালক…

Read More

গুৱাহাটী পানী যোগান প্ৰকল্প আৰু ব’ৰচলা বিলৰ সমীপৰ গুৱাহাটী পয়ঃপ্ৰণালী প্ৰকল্পৰ অগ্ৰগতি পৰিদৰ্শন আৰু পৰ্যালোচনা মন্ত্ৰী কৌশিক ৰায়ৰ

বিভিন্ন বিভাগৰ মাজত সমন্বয়ৰ জৰিয়তে সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব সমন্বিত দৃষ্টিভংগীৰে কাম ক্ষিপ্ৰতৰ কৰি মহানগৰবাসীলৈ বিশুদ্ধ পানী যোগান নিশ্চিত কৰাৰ নিৰ্দেশ দিছপুৰ, ২১ আগষ্ট: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি দক্ষিণ-মধ্য গুৱাহাটী আৰু দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশ পৰিদৰ্শন কৰি প্ৰকল্প দুটাৰ সামগ্ৰিক অগ্ৰগতিৰ বুজ লয়। তদুপৰি…

Read More

সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থাৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ বৈঠক

উন্নত পৌৰ প্ৰশাসনৰ বাবে সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান দিছপুৰ, ২২ আগষ্ট: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনৰ ব্লক-বি স্থিত তেওঁৰ কাৰ্যালয় সভাকক্ষত সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থা (AAMBC)-ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।বৈঠকত বিভিন্ন পৌৰসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আয়ুক্তসকলে দায়িত্ব পালন কৰাৰ…

Read More

বৰাক উপত্যকাৰ উন্নয়নৰ স্বাৰ্থত প্ৰতিটো প্ৰকল্প তথা আঁচনিৰ নিৰ্মাণ আৰু ৰূপায়ণ সঠিক সময়ত হ’ব লাগিব – মন্ত্ৰী কৃষ্ণেন্দু পাল

খান্দি গ্ৰাম মলুৱাৰ পৰা শ্ৰী ভূমি জিলাৰ কৰিমগঞ্জ বাইপাছৰ ভূমি পূজনৰ মাংগলিক অনুষ্ঠানত উপস্থিত মন্ত্ৰী কৃষ্ণেন্দু পাল দিছপুৰ,২২/০৮/২৬ – বৰাক উপত্যকাৰ সামগ্ৰীক বিকাশৰ বাবে অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি আহিছে। তাৰে পৰিপ্ৰেক্ষিতত প্ৰতিটো আঁচনি আৰু প্ৰকল্প যাতে নিৰ্ধাৰিত সময়ত ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব পৰা যায় তাৰে প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী,বৰাক উপত্যকা…

Read More

নতুন দিল্লীত এগ্ৰিষ্টেক আৰু আত্মনিৰ্ভৰশীলতা দাইল অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত কৃষিমন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ

নতুন দিল্লী, ২২ আগষ্ট: অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি নতুন দিল্লীৰ পুছাস্থিত ICAR Convention Centreত ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক (AgriStack) আৰু আত্মনিৰ্ভৰশীলতা দাইল অভিযান সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এগ্ৰিষ্টেকৰ অধীনত কৃষক পৰিচয় পত্ৰ (Farmer ID) আৰু…

Read More

মিছন বানমুক্ত গুৱাহাটী

মন্ত্ৰী কৌশিক ৰায়ৰ বান প্ৰতিৰোধী ব্যৱস্থাৰ পৰ্যালোচনা বিভাগ আৰু সংস্থাসমূহক নিৰ্দিষ্ট এলেকাৰ দায়িত্ব অৰ্পণ দিছপুৰ, ২২ আগষ্ট: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মিছন বানমুক্ত গুৱাহাটীৰ এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। গুৱাহাটীৰ নগৰীয়া বান আৰু জলাবদ্ধতা সমস্যাৰ মোকাবিলা কৰাৰ বাবে এতিয়ালৈকে…

Read More

গুৱাহাটীত “অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ শক্তিশালীকৰণ সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা”ত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা

কৃষিৰ বহুমুখীকৰণ আৰু উচ্চ মূল্যৰ শস্যৰ ওপৰত গুৰুত্ব আৰোপেৰে কৃষি বিভাগৰ ৫ বছৰীয়া ৰোডমেপ প্ৰস্তুতৰ লক্ষ্য: কৃষিমন্ত্ৰী হাজৰীকা দিশপুৰ, ২৪ আগষ্ট: অসমৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ বাণিজ্যিক সম্ভাৱনা শক্তিশালী কৰাৰ লক্ষ্যৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ কৃষিখণ্ডক অধিক…

Read More

কামৰূপ জিলাৰ চৰ অঞ্চলসমূহৰ ক্ৰীড়া ক্লাব আৰু বিদ্যালয়সমূহক অত্যাৱশ্যকীয় ক্ৰিকেট সামগ্ৰী বিতৰণ

কামৰূপ, আমিনগাঁও, ২২ আগষ্টঃ অসম চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ এলেকা সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ চৰ অঞ্চলসমূহৰ ৮৬ খন ক্ৰীড়া ক্লাব আৰু বিদ্যালয়লৈ অত্যাৱশ্যকীয় ক্ৰিকেট সামগ্ৰী বিতৰণ কৰা হয়। চৰ অঞ্চলসমূহত ক্ৰীড়াৰ পৰিৱেশ শক্তিশালী কৰা, উদীয়মান ক্ৰীড়া প্ৰতিভাসকলক উৎসাহিত কৰা আৰু বিদ্যালয়…

Read More

কামৰূপ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত স্পেইনৰ দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃলৈ শিশুৰ আনুষ্ঠানিক হস্তান্তৰ

আমিনগাঁও, ২৪ আগষ্ট, ২০২৬: কামৰূপ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা গোট (DCPU), কামৰূপৰ উদ্যোগত তথা বিশেষীকৃত দত্তক গ্ৰহণ সংস্থা (SAA), বকোৰ সহযোগত আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ হস্তান্তৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত স্পেইনৰ পৰা অহা দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃৰ হাতত এটি শিশুক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। কামৰূপৰ জিলা আয়ুক্ত…

Read More

কাৰ্বি আংলঙৰ ভূমি ৰেকৰ্ড ডিজিটেলকৰণ আৰু কৃষি উন্নয়নৰ উচ্চস্তৰীয় সমীক্ষা মন্ত্ৰী পীযুষ হাজৰীকাৰ; অহা ৪-৫ মাহৰ ভিতৰত মেপিং সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

ভূমিৰ অধিকাৰ সুনিশ্চিত নহ’লে কাৰবি আংলঙৰ কৃষকসকল সদায় বঞ্চিত হৈ ৰ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা গুৱাহাটী, ২৪ আগষ্ট: কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ মাটিৰ স্বত্বজনিত সমস্যা সমাধান আৰু কৃষি খণ্ডৰ অপাৰ সম্ভাৱনাক গতিশীল কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীত এক বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ কৃষি তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাৰ পৌৰোহিত্যত তেওঁৰ নিজ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই…

Read More