কামৰূপ মহানগৰ জিলাত বিশ্ব হেপাটাইটিছ দিৱস পালন
২৮ জুলাই ২০২৬, আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়৷ মহানগৰৰ ধীৰেণপাৰা এফ আৰ ইউত আজি এই দিৱসৰ শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই৷ হেপাটাইটিছ হৈছে যকৃতৰ প্ৰদাহ৷ হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত থাকিবলৈ ইয়াৰ পৰীক্ষা কৰাৰ লগতে ভেকচিন গ্ৰহণ কৰিবলৈ যুটীয়া স্বাস্থ্য…

