Category: News
পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নৰ সংবাদমেল সম্বোধন
বান পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বজালী জিলা সমিতিৰ পাঠশালা,28 জুলাই, উজনি অসমত সংঘঠিত হোৱা প্ৰলয়ংকাৰী বান বিভীষিকাত ক্ষতিগ্ৰস্থ ৰাইজক তাৎক্ষণিক ভাবে সকাহ দিয়া,পুনৰ্সংস্থাপন আৰু দীৰ্ঘম্যাদী বান ব্যৱস্থাপনা নিশ্চিত কৰাৰ দাবীত আজি পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…
উজনিৰ প্ৰলয়ংকাৰী বান পৰিস্থিতিক লৈপাঠশালাত আক্ৰাছুৰ বান সাহায্য সংগ্ৰহ অভিযান
পাঠশালা,26 জুলাই, উজনিৰ বিভিন্ন জিলাত প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আজি পাঠশালাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিয়ে বান সাহায্য সংগ্ৰহ কৰে । বানত সৰ্বস্ব হেৰুওৱা হাজাৰ হাজাৰ লোকক সহায় কৰাৰ উদ্দেশ্য পাঠশালা নগৰৰ বিভিন্ন ৰাজপথ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সাধাৰণ ৰাইজৰ ওচৰত বান সাহায্যৰ বাবে আৰ্থিক সহযোগিতা…
পাঠশালাত সৰ্প দংশনৰ চিকিৎসাত পুনৰ সফলতা
শ্বহীদ মদন ৰাউটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ তৎপৰতাত বিপদমুক্ত মহিলা, বজালীবাসীৰ বাবে আশাৰ সঞ্চাৰ পাঠশালা, ২৫ জুলাই: বজালী জিলাৰ পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ে পুনৰ এবাৰ সৰ্প দংশনৰ জৰুৰী চিকিৎসাত উল্লেখযোগ্য সফলতা লাভ কৰি গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত নিজৰ দক্ষতা আৰু দায়বদ্ধতাৰ পৰিচয় দিছে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ তাৎক্ষণিক সিদ্ধান্ত, সমন্বিত প্ৰচেষ্টা আৰু সময়োপযোগী চিকিৎসাৰ ফলত…
বিশ্বনাথ জিলাৰ বিহালী জিনজিয়া আৰক্ষীৰ অভিযানত ৪ জন গৰু চোৰ আটক, দুখন বাহন সহ ২ টা গোধন উদ্ধাৰ
বিশ্বনাথৰ পৰা খগেন মটকৰ ৰিপ’ৰ্ট, জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীত আজি দুখন বাহন ২টা গোধনসহ ,৪ জন গৰু চোৰ আটক আৰক্ষীৰ। বিগত কিছুদিন ধৰি বাঘমাৰী আৰু নিজ বাঘমাৰী অঞ্চলত গৰু চুৰিৰ ঘটনা বৃদ্ধি পোৱাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিনজিয়া আৰক্ষীয়ে। গৰু চুৰি ৰোধ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে অপাৰেচন গো ৰক্ষক নামৰ এক বিশেষ অভিযান চলাই আজি…
বিহালী ইটাভাটা মালিক পক্ষৰ উদ্যোগত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণৰ বাবে বিহালীৰ পৰা শিৱসাগৰলৈ যাত্ৰা আৰম্ভ
বিহালী ২৮ জুলাই, আজি বিহালী ইটাভাটা মালিক পক্ষৰ উদ্যোগত উজনি অসমৰ বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদানৰ বাবে ২ হেজাৰ টা পৰিয়ালৰ বাবে সামগ্ৰীলৈ এটা দল শিৱসাগৰলৈ ৰাওনা হয় ।এই কাৰ্যসূচীত মোৱাৰক হুছেইন,সুভাষ আগৰৱালা,জৈনুন্দিন আনচাৰী,আব্দুল ৰহমান শ্বেখ,মুকুট ভট্টাচাৰ্য,জিয়াৰুল হক,মজনুৰ আলম,জাকিৰ খান,শ্বফিক আনচাৰী,মণিলাল শৰ্মা,বিকি মিশ্ৰ,ৰেকিব শ্বেখ,আনোৱাৰ আলি,চামচাদ আনচাৰিসহ ইটা ভাটাৰ মালিক পক্ষই উজনি অসমৰ বানপানীড়িত ৰাইজলৈ দুইহাজাৰ বিচনা…
লখিমপুৰত দেশভক্তি দিৱস পালন
লখিমপুৰৰ পৰা জিয়াউল আলী,২৮ জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো দেশভক্তি দিৱস পালন কৰা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ দিনটোত পালন কৰা দেশভক্তি দিৱসত তেখেতৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে লখিমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতি ভোলানাথ নগৰীয়াই ৷ ইয়াৰ পাছতেই দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে সভা অনুষ্ঠিত কৰা হয়…
মাণিকপুৰৰ নোৱাপাৰা বজাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড
বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত নোৱাপাৰা বজাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে বজাৰখনত চোৰে অভিযান চলাই মহম্মদ আলীৰ দোকানৰ পৰা ৮০০০ টকা মূল্যৰ লোকেল আৰু ব্ৰয়লাৰ মুৰ্গী, প্ৰায় ৫০০ টকা নগদ ধন, হকিব আলীৰ দোকানৰ পৰা ৫০০০ টকা মূল্যৰ ব্ৰয়লাৰ মুৰ্গী, কৃষ্ণ ৰাজভৰৰ পাচলিৰ দোকানৰ পৰা কিছু আলু পিয়াজ ইত্যাদি আৰু পাৰ্বতি…
বজালীৰ বালাপাৰাত পুনৰ অবৈধ কাঠফলা মিল জব্দ, বন বিভাগৰ অভিযান অব্যাহত
পাঠশালা, অবৈধ বনজ সম্পদৰ ব্যৱহাৰ আৰু বন ধ্বংসৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰি তুলিছে বন বিভাগে। সেই ধাৰাবাহিকতাত বজালী জিলাৰ বালাপাৰা অঞ্চলত চলি থকা এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। পাঠশালা খণ্ড বন বিষয়া হিৰকজ্যোতি তালুকদাৰৰ নেতৃত্বত চলোৱা এই অভিযানত পাঠশালা বন সংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে। বন বিভাগৰ…
উজনিৰ বানাক্ৰান্ত তিনিখন জিলাৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজৰ দাবী”অসমৰ ৰাইজৰ মন কী বাত শুনক প্ৰধানমন্ত্ৰী মোডীয়ে” — পাঠশালাত আছুৰ সভাপতি উৎপল শৰ্মাৰ ক্ষোভ
মৃন্ময় পাঠকঃ– উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এইবাৰ সংঘটিত হোৱা ভয়ংকৰ বান পৰিস্থিতিক কেৱল “গতানুগতিক বান” বুলি গণ্য নকৰি ইয়াক এক “মহাপ্ৰলয়” হিচাপে চিহ্নিত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ জোৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে অসমৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অধিক সংবেদনশীলতা কামনা কৰি…

